WordPress-ৰ সৈতে চিনাকি হওক

সৃষ্টিকৰ্তা আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি বাণিজ্যিক প্ৰতিষ্ঠানলৈকে—বিশ্বজুৰি লাখ লাখ ৱেবছাইটৰ পছন্দৰ মুক্ত উৎসৰ প্ৰকাশন-সম্বন্ধীয় প্লেটফৰ্ম।

ডিজাইন কৰক

লেহুকা ডিজাইন-সম্বন্ধীয় সা-সঁজুলি আৰু ব্লকৰ শক্তিৰে যিকোনো ৱেবছাইটৰ সৃষ্টি কৰক। এটা খালী কেনভাছৰ সৈতে আৰম্ভ কৰক নাইবা এটা থীম বাছি লওক। প্ৰতিটো খুঁটি-নাটি কাষ্টমাইজ কৰক—কোনো ক’ডৰ প্ৰয়োজন নাই।

সাজক

আপোনাৰ ছাইটটো বাস্তৱ সময়ত কেনে দেখা যাব সেয়া চাওক, আনকি আপুনি বিষয়বস্তু যোগ, সম্পাদনা আৰু ইফাল-সিফাল কৰি থকা অৱস্থাতো—সহজজ্ঞেয় সম্পাদনা আৰু এই সকলোবোৰ পৰিচালনা কৰিবলৈ সংহত সুবিধাৰ সৈতে।

ব্লক এডিটৰ ব্যৱহাৰ কৰি চাওক

প্ৰসাৰিত কৰক

আপোনাৰ ছাইটটোক আপুনি যি কৰাব বিচাৰে তাকেই কৰিবলৈ দিয়ক। দোকান, বিশ্লেষণ, সংবাদ-পত্ৰ, ছ’চিয়েল মিডিয়াৰ সংহতি যোগ কৰক; প্লাগিনৰ এক বিস্তৃত লাইব্ৰেৰীৰ সৈতে নিয়ন্ত্ৰণ আপোনাৰ হাতত।

নতুন কি কি আছে— চাওক

WordPress 7.0-এ আপোনাক ইয়াক নিজৰ মতে সজাই ল’বলৈ দিয়ে: আপোনাৰ পছন্দৰ AI সেৱাদাতাবোৰ সংযোগ কৰক আৰু সেইবোৰক আপোনাৰ সমগ্ৰ ছাইটৰ কামত লগাওক। এটা একক ব্লকৰ দৰে কাম কৰা আৰ্হি অন্তৰ্ভুক্ত কৰক, সম্পূৰ্ণ ব্লকৰ স্বাধীনতাৰে এটা নেভিগেশ্যন অভাৰলে’ ডিজাইন কৰক আৰু দৃশ্যগত পুনৰীক্ষণৰ ইতিহাসৰ জৰিয়তে সাল-সলনি খৰতকীয়াকৈ পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনক।

WordPress-ৰ অনুষ্ঠান এটাত দৰ্শকসকলৰ মাজত থকা উত্তেজিত, হাতচাপৰি বাই থকা অংশগ্ৰহণকাৰীসকলৰ এখন ক’লা-বগা ফটো।

WordPress-ৰ শেহতীয়া বাতৰি

অধিক বাতৰি